আজিৰ দিনটোৰ ৰাশিফল | 4 october | ১৭ আহিন | today rashifal

 আজিৰ দিনটোৰ ৰাশিফল

আজি ৪ অক্টোবৰ, আহিন মাহৰ ১৭ তাৰিখ

মেঘ (অ, আ, ল) : আর্থিক উন্নতিৰ বাবে চেষ্টাত কিছু আশা৷ অৱশ্যে নিশ্চিত নহ’ব, যোগাযোগত খেলিমেলি৷ ব্যক্তিগত কামত কিছু সুযোগ৷ শৰীৰ মধ্যম৷ ভ্রমণৰ কাৰক৷ সন্তানৰ মধ্যম৷ দাম্পত্যত সুখ৷ বিদ্যাত মধ্যম৷

বৃষ (উ, ই, ব) : ক্রমে দিনটো কিছু অনিশ্চিত যেন লাগিব৷ ঘৰুৱা কথাত আপুনি অৱশ্যে বিশেষ জটিলতা নাপাব৷ কর্মস্থানত নতুন কোনো সুযোগ বা কর্মই বেয়া নলগাব৷ শৰীৰো বেয়া নাযাব৷

মিথুন (ক, ছ) : সাধাৰণ আহুকালৰ মাজেদি দিনটো পাৰ হ’ব৷ দুই–এটা কথাত অৱশ্যে অনুকূল আশা কৰিব পাৰে৷ বিদ্যাত তেনে বাধা নাই যদিও চেষ্টাৰ ত্রুটি নকৰিব৷ শৰীৰ ভালে ৰাখক৷

কর্কট (ড, হ) : কিছু উন্নত৷ জ্ঞাতি–কুটুম্বৰ বা প্রিয় লোকৰ বাবে চিন্তা থাকিব৷ আর্থিকত বেয়া দেখা নাযায় যদিও ব্যয় ৰোধ কৰাটো টান হ’ব, যোগ্যৰ সমান৷ ভ্রমণ, দাম্পত্যত বেছি চিন্তা নাই৷

সিংহ (ম, ট) : সাৱধানে দিনটো পাৰ কৰক৷ ফুৰা–চকাতো সাৱধান হওক৷ ব্যয় বৃদ্ধি পাব৷ অৱশ্যে কোনোৱে সংগ সুখ কৰিব৷ পুৰণি স্মৃতিয়ে মনত ঠাই ল’ব পাৰে৷ কর্তব্যত অলপ দুশ্চিন্তা৷

কন্যা (প, থ, ঠ) : বিশেষ জটিলতা নাই৷ পূর্বৰ কেইদিনৰ তুলনাত কর্মাদিত সুখ৷ আপোনাৰ দূৰদর্শিতা তথা নিষ্ঠাই আনৰ আদৰ পাব৷ দাম্পত্যত শুভ৷ বিয়া–বাৰুৰ কথা পতাসকল প্রস্তুত হ’ব পাৰে৷

তুলা (ৰ, ত) : ফৰকাল যেন অনুভৱ৷ শৰীৰৰ আমনিও কম পাব৷ আর্থিকত হাতলৈ ধন অহাৰ পথ দেখিব পাৰে৷ ভৱিষ্যৎ বর্ষটোৰ বাবে আশাবাদী হ’ব পাৰে৷ বিদ্যাত কর্মস্থান, দাম্পত্যত পূর্বানুৰূপ৷

বৃশ্চিক (ন, য) : দূৰ যাত্রাদিত বাধা৷ পুৰণা বছৰৰ স্মৃতিয়ে মনটোত মৃদু প্রভাৱ পেলাব৷ পৰাপক্ষত অতিপাত পৰিশ্রম বর্জন কৰক৷ সংগ লাভ হ’লেও সাৱধান হওক৷ খৰচ–পাতি আৰু শৰীৰৰ চিন্তা ৰাখক৷

ধনু (ধ, ভ) : যোগাযোগ তথা সংগ লাভত সুখ পাব৷ কিন্তু বেছি স্পর্শকাতৰ হ’লে আহুকালত পৰিব৷ আর্থিক ব্যয়ৰ মাজতে সন্তুষ্টি লাভ৷ ভৱিষ্যৎ বর্ষৰ আৰু আয়কৰী দিশৰ বাবে কোনোৱে চেষ্টা চলাব পাৰে৷

মকৰ (খ, জ) : অনুকূল পৰিৱেশ৷ বন্ধু–বান্ধৱৰ লগত সুসংগ লভিলেও মাত্রাধিকলৈ নাযাব৷ ভৱিষ্যৎ বর্ষৰ বাবে শুভেচ্ছা দিওতাৰ বাবে কৃতজ্ঞ থাকিব৷ সন্তানৰ মধ্যম৷ পঢ়াত যত্ন ৰাখক৷

কুম্ভ (গ, শ, স) : আর্থিক উন্নতিৰ আশা৷ কিছু অস্থিৰতা থাকিলেও নিয়ন্ত্রণক্ষম৷ কর্মস্থানত মোটামুটি ভালেই দেখা যায়৷ যোগ্যতাৰে আলাপ আলোচনাত ভাগ ল’ব পাৰিব৷ দাম্পত্যত শুভ৷ বিদ্যাত যত্নৰ সফলতা৷

মীন (দ, চ) : শৰীৰৰ দুর্বলতা৷ খৰচ বৃদ্ধি৷ কর্তব্যত অলপ অন্যমনস্ক৷ বিদ্যাত বেয়া নহ’ব৷ ভ্রমণৰ চেষ্টা নকৰাই ভাল৷ মাতৃ চিন্তা, বিয়া–বাৰুৰ কথা পাতিলে কিছু আশা৷ প্রেমত আৱেগিক উৎসা।



No comments:

Post a Comment