আজিৰ ৰাশিফল ২০২০ //

আজিৰ দিনটোৰ ৰাশিফল


মেঘ ৰাশি : (অ, আ, ল) : শুভ ৰং ৰঙা, সংখ্যা ৩৷ দূৰ ভ্রমণ কৰিব লগা হ’ব পাৰে৷ নিজৰ ভুলৰ বাবে সমস্যাত পৰিব পাৰে৷ খং দমাই ৰাখক নহ’লে বিপদত পৰিব৷ সন্তানৰ শুভ৷ প্রতিকাৰ– পূব দিশলৈ চাই গা ধুব আৰু সূর্য প্রণাম কৰিব৷

বৃষ ৰাশি : (উ, ই, ব) : শুভ ৰং সেউজীয়া, সংখ্যা ৫৷ কোনো বিশেষ কামৰ দায়িত্ব আপোনাৰ হাতলৈ আহিব পাৰে৷ আপুনি কৰা ভাল কামৰ বাবে সন্মান পাব পাৰে৷ সন্তানৰ পৰা আর্থিক ক্ষতি হ’ব পাৰে৷ খৰচ বাঢ়িব৷ প্রতিকাৰ– পুৱা গা ধুই তুলসীৰ গছত পানী ঢ়ালি সূর্য
প্ৰণাম কৰিব ৷


Youtube channel link :
সৰ্বশিক্ষাৰে ভৰা কবিতা : তামাম জমনি
https://youtu.be/Do2JB_89HbA


মিথুন ৰাশি :  (ক, ছ) : শুভ ৰং নীলা, সংখ্যা ৭৷ শুভাকাংক্ষীৰ সহায়ত আগুৱাই যাব পাৰিব৷ প্রাকৃতিক দুর্যোগত ক্ষতিৰ আশংকা আছে৷ কর্মস্থানৰ পৰিৱর্তনৰ বাবে সমস্যাত পৰিব পাৰে৷ অবাবত অর্থ ব্যয় বৃদ্ধি পাব৷ প্রতিকাৰ– পুৱা গা ধুই হনুমান চালিচা পাঠ কৰিব৷

কর্কট ৰাশি : (ড, হ) : শুভ ৰং সেউজীয়া, সংখ্যা ৬৷ আকস্মিক দুর্ঘটনাত পতিত হোৱাৰ ভয়৷ আত্মীয়ৰ সমস্যাৰ কথা শুনি দুখ পাব পাৰে৷ পাৰিবাৰিক অশান্তিয়ে ঘৰৰ পৰিৱেশ বেয়া কৰিব৷ প্রতিকাৰ– শনি মন্দিৰত ধূপ–চাকি জ্বলাই শনিৰ জপ কৰিব৷

সিংহ ৰাশি : (ম, ট) : শুভ ৰং গেৰুৱা, সংখ্যা ৯৷ আজি টকা ধাৰলৈ নিদিব বা নল’ব৷ পৰিয়ালৰ সদস্যৰ লগত মনোমালিন্য হোৱাৰ ভয় আছে৷ চাকৰিৰ স্থান পৰিৱর্তন হ’ব পাৰে৷ ব্যৱসায়ৰ স্থানক লৈ সমস্যা হ’ব পাৰে৷ প্রতিকাৰ– নৱগ্রহ মন্দিৰত নৱগ্রহৰ পূজা কৰিব পাৰিলে ভাল৷

কন্যা ৰাশি :  (প, থ, ঠ) : শুভ ৰং হালধীয়া, সংখ্যা ৪৷ পাৰিবাৰিক সমস্যা বৃদ্ধি পাব৷ সন্তানৰ ভুল কামে সন্মান লাঘৱ কৰিব৷ ব্যৱসায়ত লোকচান দেখা যায়৷ প্রতিকাৰ– হনুমান মন্দিৰত মিঠা ফল দান কৰিব৷

তুলা ৰাশি : (ৰ, ত) : শুভ ৰং নীলা, সংখ্যা ৭৷ চাকৰিৰ ক্ষেত্রত বেমেজালি দেখা যায়৷ দুর্ঘটনা হৈ আঘাত পোৱাৰ আশংকা আছে৷ কর্মত আনৰ সহায়ে ক্ষতি কৰিব৷ প্রতিকাৰ– ফুল, তুলসী, বেলপাত, সেন্দূৰ, আগলী কলপাত এখনত লৈ বোৱঁতী পানীত উটুৱাই দি সূর্যক প্রণাম কৰি পিছলৈ নোচোৱাকৈ ঘৰলৈ আহিব৷

বৃশ্চিক ৰাশি :  (ন, য) : শুভ ৰং ৰঙা, সংখ্যা ৬৷ যান–বাহনৰ লগত জড়িতসকল অলপ সাৱধান হ’ব, ক্ষতিৰ আশংকা দেখা যায়৷ হাতলৈ টকা–পইচা আহিব, কিন্তু জমা ৰাখিব নোৱাৰিব৷ কর্মসংস্থাপন হ’ব পাৰে৷ বন্ধু বিচ্ছেদ হোৱাৰ ভয়৷ প্রতিকাৰ– ঘৰলৈ ভিক্ষাৰী আহিলে ভোজন কৰাই অর্থ দান কৰিব৷

ধনু  ৰাশি : (ধ, ভ) : শুভ ৰং বেঙুনীয়া, সংখ্যা ২৷ মূৰত আঘাত পাব পাৰে৷ চাকৰিৰ পদোন্নতিত বাধা দেখা যায়৷ হাতলৈ টকা–পইচা আহিব, কিন্তু খৰচ বাঢ়িব৷ আনক সহায় কৰি সন্মান পাব৷ প্রতিকাৰ– বেলপাত, গাখীৰ লৈ শিৱলিংগ পূজা কৰিব৷

মকৰ ৰাশি : (খ, জ) : শুভ ৰং হালধীয়া, সংখ্যা ৬৷ আপুনি আজি অলপ সাৱধানে চলা–ফুৰা কৰিব৷ হাত–ভৰিত আঘাত পাব পাৰে৷ ব্যৱসায়ীসকলে বিচৰা মতে ফল নাপাব৷ সন্তানৰ শুভ৷ প্রতিকাৰ– কপালত চন্দনৰ ফোঁট ল’ব আৰু ভিক্ষাৰীক খোৱাবস্তু দান কৰিব৷

কুম্ভ ৰাশি : (গ, শ, স) : শুভ ৰং হালধীয়া, সংখ্যা ৫৷ ঘৰৰ কোনো ব্যক্তিৰ চাকৰিৰ খবৰ আহিব পাৰে৷ কু–গ্রহৰ প্রভাৱত টকা–পইচাৰ খৰচ বাঢ়িব৷ সহকর্মীৰ দ্বাৰা উপকৃত হোৱাৰ আশা আছে৷ প্রতিকাৰ– ঘৰলৈ অহা ভিক্ষাৰীক ৰঙা বস্ত্র, ফল দান কৰিব৷

মীন ৰাশি : (দ, চ) : শুভ ৰং গুলপীয়া, সংখ্যা ৬৷ টকা–পইচাৰ অভাৱৰ পৰা সামান্য সকাহ পাব৷ সন্দেহে পাৰিবাৰিক অশান্তি বৃদ্ধি কৰিব৷ হাতলৈ অহা সুযোগ হেৰুৱাব পাৰে৷ ব্যৱসায়ত লোকচান দেখা যায়৷ প্রতিকাৰ– পকেটত তিনিটা পাত থকা এটা বেলপাত ৰাখিব৷



No comments:

Post a Comment