আজিৰ ৰাশিফল // ১৪ চেপ্তেম্বৰ , সোমবাৰ // ২৮ ভাদ

 মেঘ ৰাশি : যিকোনো কামকে ভাবি চিন্তি কৰক ৷ বাঞ্ছিত ফল লাভত বাধা পাব ৷ ঘৰুৱা সিদ্ধান্ত লোৱাত গুৰুজনৰ লগত আলোচনা কৰক ৷ বিদ্যাত সিমান নিৰাশ নহব ৷ শুভ ৰং আকাশী নীলা , শুভ সংখ্যা ২  ৷ 


বৃষ ৰাশি : অন্তৰংগ বন্ধু বান্ধৱীৰ লগত আনন্দ ৷ অধিক কৰ্মবোজা পৰিলেও কিছু নিয়ন্ত্ৰণ কৰক ৷ প্ৰেম প্ৰীতিত খুব বেয়া নহয় ৷ অৰ্থলাভত উপকৃত হব ৷ ব্যৱসায়ত শুভ ৷ শুভ ৰং গেৰুৱা , শুভ সংখ্যা ৭  ৷ 


মিথুন ৰাশি : আৰ্থিকত বেয়া দেখা নাযায় ৷ সাধাৰণ খৰচ পাতি অৱশ্যে বৃদ্ধি হোৱাৰ সম্ভাৱনা ৷ বিদ্যাত সাধাৰণ উন্নতি ৷ যোগ্যতাৰ পুৰস্কাৰ পাব ৷ প্ৰেম-প্ৰীতিত শুভ ৷ শুভ ৰং ৰঙা ৷ শুভ সংখ্যা ৬ ৷ 


কৰ্কট ৰাশি : কৰ্মক্ষেত্ৰত নিজৰ দায়িত্ব সম্পৰ্কে সচেতন হওক ৷ খৰচ বৃদ্ধি পাব ৷ শৰীৰৰ সাধাৰণ দুশ্চিন্তা ৷ দাম্পত্যত মোটামুটি সুখৰ কাৰক ৷ উদ্বিগ্নতাৰ সমাধানৰ উৎস ৷ শুভ ৰং হালধীয়া , শুভ সংখ্যা ১ ৷ 


সিংহ ৰাশি : নতুন আশাৰে আনৰ লগত কথা পাতি সুখ পাব ৷ দিনটোত ব্যৱসায়ীসকলে লেনদেন কৰোতে সাৱধান হব ৷ আৰ্থিক দিশত ধন হানি হোৱাৰ যোগ ৷ শুভ ৰং বগা , শুভ সংখ্যা ৯ ৷ 


কন্যা ৰাশি : মজলীয়াভাৱে দিনটো পাৰ হব ৷ হঠাৎ কাৰোবাৰ লগত মতান্তৰ সৃষ্টি হব পাৰে ৷ বিদ্যাত মধ্যম ৷ ভ্ৰমণাদিত আৰ্থিক হানিৰ যোগ ৷ আলহীৰ আগমন ৷ শুভ ৰং গুলপীয়া , শুভ সংখ্যা ৪ ৷ 


তুলা ৰাশি : পৰাপক্ষত কাৰো সৈতে কঠোৰ বাক্য ব্যৱহাৰ নকৰিলে দিনটোত উন্নত ফল পাব ৷ ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া ৷ যাত্ৰাদিত বাধাপ্ৰাপ্ত হব ৷ শুভ ৰং নীলা , শুভ সংখ্যা ৭ ৷ 


বৃশ্চিক ৰাশি : ওলোটা ভাবে আপোনাক আমনি দিব অথবা কৰ্মত ব্যাঘাত আনিব ৷ আনৰ কথাত বেছি প্ৰাধান্য নিদিব ৷ বিদ্যাত শুভ ৷ দাম্পত্যত বিৰোধ ৷ শুভ ৰং বেঙুনীয়া , শুভ সংখ্যা ১ ৷ 


ধনু ৰাশি : অকাৰণ বা কাৰণতেই হওক কোনোৰ লগত মতবিৰোধ হোৱাৰ আশংকা ৷ লেনদেনত সাৱধান থাকক ৷ শৰীৰ ভালেই বুলিব পাৰি ৷ ঘৰুৱা দিশত দুশ্চিন্তা নাই ৷ শুভ ৰং সেউজীয়া , শুভ সংখ্যা ৬ ৷ 


মকৰ ৰাশি : দিনটোত অলপ সাৱধানে চলিবলৈ চেষ্টা কৰক ৷ নতুন কোনো যোগাযোগত উৎসাহিত ৷ শৰীৰত পুৰণি বেমাৰে আমনি কৰিব ৷ বন্ধুবৰ্গৰ প্ৰতি সাৱধান ৷ শুভ ৰং নীলা , শুভ সংখ্যা ২ ৷ 


কুম্ভ ৰাশি : মজলীয়া হলেও উন্নত ৷ দূৰ যোগাযোগত বাধাপ্ৰাপ্ত ৷ পেটৰ অসুখৰ কাৰক ৷ বিদ্যাত নিৰাশ নহব ৷ ব্যৱসায়ত ঋণৰ কাৰকতা ৷ প্ৰেমত সাধাৰণ মতান্তৰ ৷ শুভ ৰং বগা , শুভ সংখ্যা ৫ ৷ 


মীন ৰাশি : আৰ্থিক দিশত আয় বৃদ্ধিৰ কাৰকতা ৷ কৰ্মক্ষেত্ৰত সৰু সুৰা বাধাৰ মাজেদি অগ্ৰসৰ হব লাগিব ৷ বিদ্যাত মধ্যম ৷ প্ৰেমত শুভ ৷ শুভ ৰং নীলা , শুভ সংখ্যা ২ ৷ 










No comments:

Post a Comment