অভিশপ্ত প্ৰেম

    প্ৰেমিক-প্ৰেমিকা যুগলৰ নাম নীতিশ কাটাৰা আৰু ভাৰতী যাদৱ ৷ দুয়োৰে বয়স ২৪ বছৰ ৷ দুয়ো পঢ়ে গাজিয়াবাদৰ ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট এণ্ড ট্ৰেইনিঙত ৷ নীতিশ হৈছে কেন্দ্ৰীয় উচ্চপদস্থ বিষয়া এগৰাকীৰ পুত্ৰ আৰু নীতিশৰ মাক এগৰাকী শিক্ষয়িত্ৰী ৷ আনহাতে ভাৰতী হৈছে ৰাজ্যসভাৰ সাংসদ ডি. পি. যাদৱৰ দুহিতা ৷ নীতিশ আৰু ভাৰতীৰ পৰিয়ালৰ মাজত বিস্তৰ প্ৰভেদ ৷ দুয়োটা পৰিয়ালৰ ধৰ্ম , অৰ্থনৈতিক ক্ষমতা , সামাজিক স্হিতি আৰু সংস্কৃতি পৃথক পৃথক ৷ বিতৰ্কিত সাংসদগৰাকীৰ কলা টকা কিমান আছে নিজেই নাজানে ! তেওঁ নিজকে উচ্চ বৰ্ণৰ বুলি জহাই ভাল পায় ৷ 

তথাকথিত আধুনিকতাৰ বতাহ লগা তেওঁৰ ঘৰখনত বজৰুৱা সংস্কৃতিৰ পয়োভৰ ৷ পুতেক বিকাশ যাদৱ হৈছে এজন দাগী অপৰাধী ৷ ১৯৯৯ চনৰ জেচিকা লাল হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত ২৭  বছৰীয়া বিকাশৰ বিৰুদ্ধে আন কেইবাটাও হত্যাকাণ্ডৰ অভিযোগ আছে ৷ ইয়াৰ বিপৰীতে নীতিশৰ পৰিয়ালটোৰ অৰ্থনৈতিক অৱস্থা সীমিত ; কিন্তু তেওঁলোকৰ আছে এক উচ্চ সংস্কৃতিসম্পন্ন মন ৷ ধৰ্মক লৈ তেওঁলোকৰ কোনো গোড়ামি নাই ৷ 


   এনে বিস্তৰ পাৰ্থক্য থকা দুটা পৰিয়ালৰ সদস্য হলেও নীতিশ আৰু ভাৰতীয়ে পৰস্পৰৰ মাজত বিচাৰি পালে জীৱনৰ অৰ্থ ৷ পৰস্পৰে পৰস্পৰৰ হাঁহি , চকুলো , কটাক্ষ চাৱনি , চুলিৰ বেকা ভাজ , মুখৰ মাত , নিৰ্দোষ ধেমালিবোৰ ভাল পাবলৈ ললে ৷ আৰম্ভ হল প্ৰেমৰ কণ্টকময় যাত্ৰা ৷ নীতিশৰ মাক নীলম কাটাৰে ভাৰতীক ভাবি বোৱাৰী হিচাপে গ্ৰহণ কৰিলে ৷ দাতাই দিলেও বিধতাই নিদিয়ে বুলি এষাৰ কথা আছে ৷ নীতিশ আৰু ভাৰতীৰ প্ৰেমত প্ৰাচীৰ হিচাপে থিয় দিলে যাদৱ পৰিয়ালে ৷ বিশেষকৈ ভাৰতীৰ ককায়েক বিকাশে নীতিশক কোনোমতেই সহ্য কৰিব নোৱাৰিলে ৷ ভাৰতীক সি বহুদিন অত্যাচাৰো কৰিছে ৷ ভাৰতী নীতিশৰ পৰিয়ালক কেইবাবাৰো এই বিষয়ে অৱগত কৰিছে আৰু সিহঁতৰ পৰিয়ালৰ পৰা সাৱধানে থাকিবলৈ সতৰ্ক কৰি দিছে ৷ ভাৰতীৰ দেউতাকৰ যিহেতু বিদেশত থকা জোৱাই পছন্দ , গতিকে নীতিশে অনতি পলমে বিদেশলৈ গৈ কিবা এটা কৰাৰ কাৰণে পৰিকল্পনা কৰিছিল ৷ নিয়তিয়ে নীতিশৰ আশা পূৰণ হবলৈ নিদিলে ৷ 


    ভাৰতীহতৰ আত্মীয়ৰ এখন বিবাহ অনুষ্ঠানলৈ ভাৰতীয়ে নীতিশক নিমন্ত্ৰণ জনাইছিল ৷ গাজিয়াবাদৰ এখন ফাৰ্ম হাউছত ১৭ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হোৱা সেই বিবাহ অনুষ্ঠানলৈ নীতিশ গৈছিল ৷ সেইদিনাখন মনৰ আনন্দত নীতিশে ভাৰতীৰ সৈতে কিছু সময় নৃত্য কৰে ৷ আন বহুতৰ লগত নীতিশ-ভাৰতীয়ে কৰা সেই নৃত্য অন্যান্যসকলৰ কাৰণে স্বাভাৱিক বুলিয়েই ধাৰণা হল যদিও বিকাশ যাদৱে সেয়া সহজভাৱে লব নোৱাৰিলে ৷ সি নীতিশক গেটৰ বাহিৰলৈ মাতি লৈ গল ৷ সেই যে নীতিশ ওলাই গল , তাৰ পাছত তাক আৰু কোনেও জীৱিত অৱস্থাত দেখা নাপালে ৷ ১৯ ফেব্ৰুৱাৰী তাৰিখে পশ্চিম উত্তৰ প্ৰদেশৰ বুলন্দচহৰ জিলাৰ খুৰ্জত নীতিশৰ মৃতদেহ উদ্বাৰ হল ৷ 


   ইতিমধ্যে পলায়ন কৰা বিকাশ যাদৱ আৰু ভতিজাক বিশালক আৰক্ষীয়ে ২২ ফেব্ৰুৱাৰী তাৰিখে গোৱালিয়ৰৰ ওচৰত দাব্ৰা ৰেলৱে ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ জিম্মাৰ পৰা বিকাশক মুক্ত কৰিবলৈ উত্তৰ প্ৰদেশৰ প্ৰতাপী সাংসদ বিকাশৰ পিতৃ ডি. পি. যাদৱে নিৰন্তৰ চেষ্টা চলাই আছে ৷ এদিন হয়তো তেওঁ বিকাশক উলিয়াই আনিবলৈ সক্ষম হব ৷ তাৰ পাছত মহা ধুমধামেৰে পুতেকক ৰাজনীতিত প্ৰৱেশ কৰাব আৰু ভাৰতীয় ৰাজনীতিক কলংকিত কৰাৰ দিশত বিকাশ পিতৃতকৈও বহুখোজ আগুৱাই যাব ৷ 

 

    এই ঘটনাৰ ধুমুহা শাম নাকাটোতেই যোৱা ১৭ মাৰ্চ তাৰিখে দিল্লী মহানগৰীত ঘটিল আৰু এটি হত্যাকাণ্ড ৷ ৰাজনীতিবিদ নটৱৰ সিঙৰ বোৱাৰী নাটাছা সিঙক কোনো অজ্ঞাত লোকে পছিম দিল্লীৰ হায়াট ৰিজেন্সি হোটেলত হত্যা কৰে ৷ 























2 comments: