সাথৰ | assamese story | assamese comedy

(১) মোৰ নামৰ প্ৰথম আৰু শেষৰ আখৰ দুটা উল্টাপুল্টা কৰিলেও মোক একেটা ৰূপতেই পাবা ৷ চুটি দীঘল হৈ থাকো মই, বুজি পালে বুদ্ধিমান আখ্যা পাবা কোন মই ?



       
(২) বগা পৃথিৱীত হৈছে কলা গুটি জ্ঞান বিলাই ফুৰা বস্তু সেইটো ৷ কি বাৰু বস্তু সেইটো ?

সকলোতকৈ আগতে গনেশৰ পূজা কৰা হয় কিয় ?https://www.assamesets.com/2019/09/blog-post_6.html

(৩)কাগজৰ এই ঘোৰাটিক সূতাৰ লেকামেৰে ধৰে এৰি দিলে সেই ঘোৰাটি ছিটিকি দূৰলৈ গৈ পৰে ৷ কি বাৰু ?

(৪) মোক চালে দেখিবা নিজৰ মুখমণ্ডল ৷ কব পাৰিবানে মই বাৰু কোন ?

(৫) ইয়ালৈকেও আহে তালৈকেও যায় কিন্তু কোনেও নাজানে কলৈকে বা যায় ! কোৱাচোন কি ?

(৬) কলা বনৰ তাই ৰাণী, খায় তাই কেৱল ৰঙা পানী ৷ কোৱাচোন বাৰু কি ?

(৭) তিনিটা আখৰেৰে মোৰ নাম,  মোৰ দেহত উঠি ঘূৰিব পাৰি বহু স্থান ৷ তেন্তে মোৰ নাম কি ?

(৮) কাটিলে হয় নতুন যুৱতীজনী ৷ সেইজনী বাৰু কোন ? 

(৯) বেলুনৰ নিচিনা পেট তাৰ, থাকে অনবৰতে শুই ৷ কোৱাচোন বাৰু সেইটোনো কি বস্তু ৷

(১০) মই এখন দেশ, তিনিটা আখৰেৰে মোৰ নাম ৷ মাজৰ আখৰটো কাটিলে, মই হও এবিধ খাদ্যৰ নাম ৷ শেষৰ আখৰটো কাটিলে, মোক কঢ়িওৱাটো হয় বৰ টান কাম ৷ কি মোৰ নাম ? 

(১১) এখন ভৰিৰে থিয় হও মই, একে স্হানতেই থাকো ৷ এন্ধাৰ আতৰাই পোহৰ আনো আৰু লাহে লাহে গলি মৰো ৷ কি বাৰু মোৰ নাম ? 

(১২) ইফালেও জুই, সিফালেও জুই, মাজতে আছে চন্দুক, তাতেই ঘহনি খাই ওলাই আহে কলা মুখৰ বন্দুক ৷ কি বাৰু মোৰ নাম ?

(১৩) জানানে বাৰু কি সেইটো, যিটো কেৱ্ল তোমাৰ, আনে কিন্তু কৰে ইয়াৰ অধিক ব্যৱহাৰ ৷ কি বাৰু ?

(১৪) এমুঠিয়েই সৰিয়হ গোটেই ৰাতি চটিয়াই, গণি গণি ভাগৰি পৰিলেও, ইয়াক গণা শেষ নহয় ৷ কি বাৰু ইয়াৰ নাম ?

(১৫) দুয়োটা কলি একে সমান ইয়াৰ, কলা চুলি আছে ইয়াৰ দুয়োকাষে, মধ্যভাগ ইয়াৰ কলা বুটামৰ দৰে চাৰিওপিনে ইয়াক আৱৰি ৰাখে বগা আৱৰণেে ৷ কি বাৰু ?







(১) ৰবৰ
(২)কিতাপ
(৩)চিলা
(৪)আয়না
(৫)বাট
(৬)ওকণি
(৭)জাহাজ
(৮)পেঞ্চিল
(৯)গাৰু
(১০)ভাৰত
(১১)মমবাতি
(১২)দিয়াচলাই
(১৩)তোমাৰ নামটো 
(১৪)তৰা
(১৫)চকু

No comments:

Post a Comment