সপোনৰ ফলাফল

মৰমৰ বন্ধু বান্ধৱী সকল আমি প্ৰায়ে সকলোৱে বিভিন্ন ধৰণৰ সপোন দেখা পাওঁ ৷ গতিকে এই পোষ্টটোৰ জৰিয়তে আমি শিকিবলৈ পাম যে আমি ৰাতি দেখা এই সপোনবোৰে কি ইংগিত দিয়ে ৷ 


অজগৰ দেখিলে - কাৰোবাৰ লগত কাজিয়া হব ৷ 

অচিনাকি নাৰী দেখিলে - মনৰ আশা পূৰ্ণ হয় ৷ 

অচিনাকি নাৰীৰ লগত প্ৰেমকৰা দেখিলে - শীঘ্ৰে বিবাহ হব ৷ 

অচিনাকি মানুহ দেখিলে - আত্মীয়ই সহায় কৰে ৷ 

অশ্বপূৰ্ণ অশ্বশালা দেখিলে - ঘৰলৈ অতিথি আহিব ৷ 

অভিনেত্ৰীৰ দৰ্শন পোৱা দেখিলে - সৌভাগ্য সূচিত হয় ৷

অপ্সৰা দেখিলে - সৰ্বসুখ পায় ৷ 

অনাথ বা অসহায় ব্যক্তি দেখিলে - বহুত ধনৰ অধিকাৰী হয় ৷ 

অগ্নিত ৰান্ধি থকা দেখিলে - ব্যৱসায়ত লাভ হব ৷ 

অগ্নি দূৰত দেখিলে - ধনী কইনাৰ লগত বিবাহ হব ৷

অধিক খংকৰা দেখিলে  - মামলা হব ৷ 

অচিনাকি নাৰীক চুম্বন কৰা দেখিলে - হাতলৈ অৰ্থ আহে ৷ 

অতি উচ্চ ঘৰ দেখিলে - হাতলৈ অৰ্থ আহিব ৷ 

অনেক সোন দেখিলে - উন্নতি হব ৷ 

অঙ্গ বিচ্ছেদ দেখিলে - বন্ধু বা হিতাকাংক্ষীৰ মৃত্যু হব পাৰে ৷ 

অগ্নিত কাপোৰ পোৰা দেখিলে - ব্যৱসায়ত ক্ষতি হয় ৷ 

অন্ধলোকক অহা দেখিলে - অৰ্থৰ অভাৱ হয় ৷

অন্তপুৰৰ দৃশ্য দেখিলে - ব্যৱসায় বৃদ্ধি হয় ৷ 

অন্ত্যেষ্টি সৎকাৰ কৰা দেখিলে - ৰোগ বা কাৰাবাস হয় ৷ 

অন্ন দেখিলে - লাভ হয় ৷

অন্বেষণ এককভাৱে দেখিলে - পদোন্নতি ঘটে ৷

অশোক গছ দেখিলে - আকস্মিক শোক পায় ৷ 

অন্ধলোক দেখিলে - বিপদ ঘটিব ৷ 

অন্ধকাৰ দেখিলে - ৰোগত ভুগি থাকিব ৷ 

অপৰিচিতৰ দ্বাৰা নিজে খুন হোৱা দেখিলে - সমাগত সন্মান ও শান্তি আহিব ৷ 

অকলে বাাগানত থিয় দেখিলে - বিশিষ্ট ব্যক্তিৰ লগত আলাপ ৷

অকলে বজাৰত যোৱা দেখিলে - হঠাৎ অৰ্থ প্ৰাপ্তি হব ৷

অকলে দৌৰি থকা দেখিলে - কামৰ চাপ বৃদ্ধি হব ৷

অকলে ওপৰত উঠা দেখিলে - সৎকৰ্ম ও ধৰ্মত মতি আহিব ৷ 



2 comments: