বগলী আৰু শিয়াল (যেনে কৰ্ম তেনে ফল )

এসময়ত এটা বগলী আৰু এটা শিয়াল বৰ নলে-গলে লগা বন্ধু আছিল ৷ এদিন শিয়ালে বগলীক তাৰ ঘৰলৈ নিমন্ত্ৰণ জনালে, “বন্ধু, কাইলৈ তোমাক আমাৰ ঘৰলৈ নিমন্ত্ৰণ জনালোঁ ৷” সেইবুলি শিয়ালে বগলীক তাৰ ঘৰলৈ নিমন্ত্ৰণ জনালে ৷ আৰু এখন ডাঙৰ ঠালত বগলীক খাবলৈ দি নিজেও খাবলৈ ধৰিলে ৷
 বগলীৰ ঠোঁট দীঘল হোৱা বাবে বেচেৰাই খাব নোৱাৰিলে ৷ তেতিয়া শিয়ালে বগলীক কলে, “বন্ধু, আজি খোৱা-লোৱা কেনেকুৱা হৈছে ?” বগলীয়ে তেতিয়া মনত বৰ দুখ পালে ৷

    আন এদিনৰ কথা ৷ সেইদিনা বগলীয়ে বন্ধু শিয়ালক তাৰ ঘৰলৈ নিমন্ত্ৰণ জনালে আৰু এটা সৰু কলহত শিয়ালক খাবলৈ দিলে আৰু বগলীয়েও তাৰ দীঘল ঠোটেৰে কলহৰ ভিতৰৰ পৰা খাবলৈ ধৰিলে ৷
শিয়ালটোৱে কলহটোৰ মুখখন সৰু হোৱা বাবে তাৰ মুখখন কলহটোত সুমুৱাব নোৱাৰি কলহটোৰ বাহিৰতে চেলেকিবলৈ ধৰিলে ৷ তেতিয়া বগলীটোৱে শিয়ালটোক কলে, “বন্ধু, খোৱা-লোৱা আজি কেনেকুৱা হৈছে ?” শিয়ালটোৱে তাৰ নিজৰ ঠগোৱা কথা জানিব পাৰি লাজ পাই তাৰপৰা গুচি গল ৷

3 comments: