সকলোতকৈ আগতে শ্ৰীগণেশক পূজা কৰা হয় কিয় ?

যাগ- যজ্ঞ, পূজা-পাতল আদিৰ সময়ত প্ৰথমতে কাৰ হোৱা উচিত, এই লৈ দেৱতাসকলৰ মাজত মতভেদ আছিল ৷ সকলোৱে এই সন্মান নিজে পাবলৈ আশা কৰিছিল ৷ নিজৰ ভিতৰতে যেতিয়া কোনো সমাধান নহল তেতিয়া সকলোৱে মিলি গুৰদেৱ পৰমপিতা ব্ৰহ্মাৰ ওচৰলৈ গল ৷ পৰমপিতা ব্ৰহ্মাই দেৱতাসকলৰ কথা-বতৰাবোৰ শুনি এটি পৰামৰ্শ আগবঢ়ালে- “যিয়ে নিজ নিজ বাহনত উঠি পৃথিৱী সাতবাৰ প্ৰদক্ষিণ কৰি সকলোৰে আগত আহি মোৰ ওচৰ পাবহি, তেওকে সৰ্বশ্ৰেষ্ঠ বুলি ধৰা হব আৰু তেওৰে পূজা সকলোতকৈ আগতে হব ৷”

পৰমপিতা ব্ৰহ্মাৰ পৰামৰ্শ মতে দেৱতাসকলে নিজ নিজ বাহনত উঠি পৃথিৱী পৰিভ্ৰমণ কৰিবলৈ ওলাল ৷ গণেশহে কেৱল ৰৈ গল ৷ কিয়নো গণেশৰ বাহন নিগনি ৷ নিগনিয়ে লম্বোদৰ গণেশক কোনোমতে উঠাই লৈ লৰ-ফৰকৈ দৌৰিলে যদিও বাকীবোৰতকৈ পিছ পৰি ৰল ৷ কথা বিষম যেন দেখি গণেশে এটা বুদ্ধি কৰিলে ৷ নিগনিৰ ওপৰত বহি গণেশে পোনে পোনে কৈলাসলৈ ৰাওনা হল ৷ কৈলাস পোৱাৰ পিছত গণেশ মাক পাৰ্বতীৰ কাষলৈ গল ৷ মাকৰ সন্মুখত থিয় হৈ হাতযোৰ কৰি মাকক কলে “মা! আপুনি শীঘ্ৰে আহি দেউতাৰ কাষত বহকহিচোন ৷ ” মাকে গণেশৰ কাকূতিক নেওচা দিব নোৱাৰি ভগৱান শিৱৰ কাষতে বহিলগৈ ৷ গণেশে মাক-দেউতাকৰ চৰণত দণ্ডৱত প্ৰণাম কৰিলে আৰু নিজ বাহনৰ ওপৰত বহি সাতবাৰ প্ৰদক্ষিণ কৰি পুনৰ মাক-দেউতাকক প্ৰণাম কৰি প্ৰথমে ব্ৰহ্মলোক পালেহি ৷ ইপিনে এজন এজনকৈ বাকী দেৱতাসকলেও পৃথিৱী প্ৰদক্ষিণ কৰি ব্ৰহ্মলোকলৈ উভতিবলৈ ধৰিলে ৷
       
গণেশক পৰমপিতা ব্ৰহ্মাৰ ওচৰত আগৰে পৰা বহি থকা দেখি আন দেৱতাসকল আচৰিত হল ৷ ইজন সিজনৰ মুখলৈ চোৱা-চুই কৰিলে ৷ পোন প্ৰথমে গণেশ কেনেকৈ ব্ৰহ্মলোক পালেহি, এই লৈ আটাইৰে মনত সন্দেহ উপজিল ৷ সকলোৰে মাজত ফুচফুচনি উঠিল ৷ গণেশে নিগনিৰ ওপৰত বহি চাই আছিল ৷ পৰমপিতাই সকলোকে উদ্দেশ্য কৰি কলে, “দেৱতাসকল, গণেশে যে কেৱল পৃথিৱীকে প্ৰদক্ষিণ কৰিলে তেনে নহয়, তেওঁ সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডকে প্ৰদক্ষিণ কৰি আহিছে ৷” পৰমপিতা ব্ৰহ্মাৰ কথা শুনি দেৱতাসকল বৰ আচৰিত হল ৷ ই কেনেকৈ সম্ভৱ ? ব্ৰহ্মাদেৱে দেৱতাসকলক বুজাই কলে, “ মাতৃ সাক্ষাৎ পৃথিৱীৰ সমান আৰু পিতৃ স্বয়ং নাৰায়ণ, যাৰ ব্ৰহ্মাণ্ডত নিবাস ৷ পিতৃ-মাতৃক শ্ৰদ্ধা কৰাৰ বাবে দেৱতাসকলৰ ভিতৰত গণেশহে প্ৰথমে পূজাৰ যোগ্য হল ৷”
 প্ৰত্যেকে সামৰ্থ অনুসাৰে পিতৃ-মাতৃক সেৱা-শুশ্ৰূষা কৰি উচিত ৷ ইয়াকে কোৱা হয় - মাতৃ দেবো ভব, পিতৃ দেবো ভব ৷ ৷

No comments:

Post a Comment