দুজন পণ্ডিত

   বহুদিনৰ আগৰ কথা ৷
   এখন গাৱঁত বহু খেতিয়কে বাস কৰিছিল ৷ তেওলোকৰ সকলোৰে কিছু ধন-সম্পত্তি আছিল ৷ কিন্তু তেওলোকৰ কাৰো কোনো পঢ়াশুনা নাছিল ৷ সেয়ে তেওলোকৰ মনত বৰ দুখ ৷
 

এদিনাখন তেওলোক সকলোৱে মিলি আলোচনা কৰি সিদ্ধান্ত ললে যে, গাৱৰে দুজন লৰাক চহৰলৈ পঠিয়াই পঢ়াশুনা কৰাই পণ্ডিত বনাই আনিব ৷ কাৰণ, সেই গাৱঁত কোনো পণ্ডিত নাই ৷
    সিদ্ধান্ত মতেই কাম ৷
    গাওঁবাসীয়ে মিলি গাৱৰে মণ্ডলৰ লৰাদুটাক চহৰলৈ পঠিয়ালে ৷ লগতে কৈ পঠিয়ালেঃ
   “তহত দুটাই বিদ্যা-  বুদ্ধিৰে ডাঙৰ পণ্ডিত হৈ উভতি আহিবি ৷” সিহঁত দুই ভায়েক-ককায়েক চহৰলৈ গৈ আছে ৷ সিহঁতে ৰাস্তাৰ দুকাষে দেখা সকলো বস্তুৰে খবৰ লবলৈ ধৰিলে ৷
   এঠাইত এজোপা গছৰ তলত এটা হাতী বান্ধি থোৱা আছিল ৷ সিহঁতে আগতে হাতী দেখি পোৱা নাছিল ৷ সেয়ে হাতীটো দেখি সিহঁত আচৰিত হল আৰু এজন বাটৰুৱাক সুধিলেঃ
    “এইটো নো কি প্ৰাণী, ককাইদেউ ?”
   বাটৰুৱাজনে কলেঃ
   “এইটো হাতী ৷”
    সিহঁত দুজন আনন্দত নাচি উঠি কলেঃ
    “বেছ ভাল কথা, এই এদিনতে এটা নতুন প্ৰাণী দেখিলো, তাৰ নামো জানিলো- হাতী ৷”
    তাৰ পিছত চহৰৰ ওচৰলৈ আহি এটা মন্দিৰ দেখি সিহঁতে এজনক সুধিলেঃ
   “এইটো কি বস্তু ৷”
    মানুহজনে কলেঃ
    “এইটো এটা মন্দিৰ ৷”
    মানুহজনৰ উত্তৰ শুনি সিহঁতে কবলৈ ধৰিলেঃ
   “ মন্দিৰ- মন্দিৰ- মন্দিৰ ৷ ...  ... বাঃ আৰু এটা কথা শিকিলোঁ ৷”
   তেনেদৰে বকি বকি সিহঁতহালে বজাৰৰ মাজেদি গৈ আছিল ৷ বজাৰত চাউল- দাইল, মাছ- মাংস সকলো বস্তুৱে আছিল ৷ সেইবোৰ সিহঁতে চিনি পায় ৷ মাথোন তাত থকা আলুহে চিনি নাপালে ৷ সেয়ে সিহঁতে আলুৰ পাচিটোৰ ফালে বেঙাটোৰ দৰে চাই থাকিল ৷ তাৰ পিছত দোকানীক সুধিলেঃ
   “এইবোৰ কি বস্তু, ককাইদেউ ?”
   দোকানীজনে কলেঃ
   “অকৰা কৰবাৰ, এয়া যে আলু তাকো নাজাননে ?”
    সিহঁত দুটাই তেওঁৰ কথাৰ কোনো উত্তৰ নিদি মাথোন কবলৈ ধৰিলেঃ
   “আলু-আলু-আলু ৷”
    তেতিয়া সিহঁতৰ মনত এনে ভাৱ আহিলঃ
    “বাঃ, আমি কিমান ডাঙৰ পণ্ডিত হৈ গলো ! আমি তিনিটা নতুন কথা শিকিলোঁ-যিবোৰ কথা আমাৰ গাৱঁৰ কোনো মানুহেই নাজানে ৷ বহুত শিকিলোঁ, এতিয়া গাৱলৈ উভতি যোৱাই ভাল হব ৷”
    ভবা মতেই কাম ৷
    সিহঁত গাৱলৈ উভতি গল ৷ সিহঁত পণ্ডিত হৈ উভতিছে ৷ গাৱঁত সিহঁতৰ মান- সন্মান বাঢ়িল ৷ লগতে বাঢ়িল সিহঁতৰ অহংকাৰ ৷ সেয়ে সিহঁত আৰু খোজ কাঢ়ি নুফুৰা হল ৷ সিহঁত দোলাত উঠি ফুৰা- চকা কৰিবলৈ ধৰিলে ৷ সিহঁতহাল অহা দেখিলে গাৱঁৰ মানুহে বাটৰ দাতিলৈ আতৰি গৈ সিহঁতৰ বাবে বাট এৰি দিছিল ৷
    এনেদৰেই কেইবছৰমান অতিক্ৰম কৰি গল ৷ তাৰ পিছত এদিন এটা ঘটনা ঘটিল ৷ সেইখন গাৱলৈ কৰবাৰ পৰা এটা হাতী আহি উপস্থিত হল ৷ প্ৰকাণ্ড হাতীটো দেখি গাৱঁৰ মানুহৰ হুৱাদুৱা লাগিল ৷ কোনেও প্ৰাণীটো চিনি নাপালে ৷ সেয়ে তৎক্ষণাত পণ্ডিত ভায়েক-ককায়েকহালক মাতি পঠোৱা হল ৷
    সিহঁতহাল ডোলাত উঠি হাতীটো ৰৈ থকা ঠাইলৈ গল ৷ দুয়ো মিলি বহু সময় ধৰি হাতীটোক তন্নতন্নকৈ পৰীক্ষা কৰিলে ৷ তাৰ পিছত ককায়েকে কলেঃ
  “এইটো মন্দিৰ ৷ চহৰৰ মানুহে ইয়াকেই মন্দিৰ বুলি কয় ৷”
   ককায়েকৰ কথা শুনি ভায়েকে কলেঃ
    “ককাইদেউ, তোৰো যে কথা ! ইমানসোপা ধন খৰচ কৰি বাহিৰলৈ গৈ বিদ্যা শিক্ষা লাভ কৰি আহি এতিয়া ইয়াক তই মন্দিৰ বুলি কলি ? তোৰ এনে কাণ্ড দেখি মই আচৰিত মানিছোঁ ৷ ...ৰাইজ, এইটো মন্দিৰ নহয়, চহৰত ইয়াক আলু বুলি কয় ৷”

No comments:

Post a Comment